A Govt. of Assam Institution approved by A.I.C.T.E.
Golaghat, Assam, India
মাতৃভূমিৰ সপোন ৰচিম,
উজনি নামনি মিলিজুলি,
শক্তিশালী প্ৰযুক্তিমূখী ,
দুৱাৰ খুলিম সৱে মিলি,
একবিংশ শতিকাৰ ওঠৰ চনত
প্ৰাণ পালে আমাৰ আদৰৰ,
জ্ঞান নিষ্ঠা পৰিশ্ৰমৰ আলয়,
গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়।
মূল শিপা তুমি শত শত বৃক্ষৰ,
আগুৱাই নিয়া তুমি বহু ভবিষ্যত,
প্ৰযুক্তিবিদ্যাৰ সাধনাথলী,
সংস্কৃতি ক্ষেত্ৰতো অগ্ৰগণী
একবিংশ শতিকাৰ ওঠৰ চনত
প্ৰাণ পালে আমাৰ আদৰৰ,
জ্ঞান নিষ্ঠা পৰিশ্ৰমৰ আলয়,
গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়।
মনৰ ষ্পৃহা আৰু দৃঢ়তা গঢ়ি,
একতাৰ এনাজৰী মুঠিতে বান্ধি,
কাৰিকৰী জ্ঞানৰ বীজ সিঁচি,
বান্ধিম অসমৰ সবল ভেটি,
একবিংশ শতিকাৰ ওঠৰ চনত
প্ৰাণ পালে আমাৰ আদৰৰ,
জ্ঞান নিষ্ঠা পৰিশ্ৰমৰ আলয়,
গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়।
গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়।।
গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়।।।